top of page
Search

বিদ্যালয় প্ৰকল্পৰ গুৰুত্ব:

  • Writer: Najijul Haque
    Najijul Haque
  • Jun 3, 2024
  • 3 min read

Updated: Jun 11, 2024


শিক্ষণৰ ক্ষেত্ৰখনত প্ৰকল্প প্ৰস্তুতকৰণৰ গুৰুত্ব অপৰিসীম। কিন্তু পৰিতাপৰ বিষয় এইয়ে যে



বিদ্যালয় সমূহত যিকোনো বিষয়ৰ পাঠদানৰ শেষত বা মাজতে ছাত্র - ছাত্রী সকলক কেৱল মাত্ৰ পাঠটোৰ প্রশ্ন সমূহ উত্তৰ কৰিবলৈ দিয়া হয়৷ কেতিয়াবা কাচিৎহে কোনো কোনো শিক্ষকে শিক্ষার্থী সকলক বিজ্ঞান বা পৰিবেশ বিজ্ঞানৰ প্রকল্প প্রস্তুত কৰিবলৈ দিয়া দেখা যায়। আনহাতে কিছু সংখ্যক শিক্ষকে মূল্যায়নৰ অন্তত ছাত্র - ছাত্ৰীক প্ৰকল্প প্রস্তুত কৰি আনিবলৈ কোৱা দেখা যায়। কোনো কোনো শিক্ষার্থীয়ে যদিও প্রকল্প প্রস্তুত কৰি শিক্ষকক জমা দিয়ে তেনে অৱস্থাত শিক্ষকে নম্বৰ বা Grade দিয়াৰ ব্যৱস্থা কৰা দেখা নাযায়। আমাৰ চৰকাৰী শিক্ষানুষ্ঠান সমূহত ছাত্ৰ ছাত্ৰী সকলক প্ৰকল্প কৰা কাৰ্যটো চৰম ভাৱে আওকান কৰা হয়। কিন্তু ব্যাক্তিগত বিদ্যালয় সমূহত শিক্ষাৰ্থী সকলৰ দ্বাৰা প্রকল্প প্রস্তুত কৰি প্রদর্শনীৰ জৰীয়তে অভিভাৱক সকলক প্রদর্শন কৰাৰ দিহা কৰাও দেখা যায়।


আমি শিক্ষক সকলে এটা কথা পাহৰিছো যে প্ৰকল্প প্ৰস্তুত কৰা কাৰ্যটো আমাৰ পাঠ্যক্ৰমৰ অবিচ্ছেদ্য অংগ আৰু ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ গুৰুত্বপূৰ্ণ অংশ। প্ৰকল্প প্ৰস্তুতকৰণ কাৰ্য হৈছে " ক্ৰিয়া কলাপৰ মাধ্যমেৰে শিক্ষা আহৰণ " ( learning by doing ) শিক্ষা পদ্ধতি । সেয়েহেপ্ৰতিখন পাঠ্য পুথিতে প্ৰতিটো পাঠৰ মাজত নতুবা শেষত প্ৰকল্প সন্নিৱিষ্ট কৰা আছে। শিক্ষকে ছাত্ৰ ছাত্ৰী সমূহক প্ৰতিটো প্ৰকল্প কৰাব লাগে আৰু সেইবোৰ নিৰীক্ষণ কৰি নম্বৰ প্ৰদানৰ ব্যৱস্থা ৰাখিব লাগে।


কেতিয়াৱা কেতিয়াৱা কিছুমান ব্যক্তিয়ে এই প্রশ্নৰ অৱতাৰণা কৰে যে , "প্ৰকল্পৰ প্রয়োজন কি ? এই বিলাকৰ উদ্দেশ্য কি ?" অৱশ্যে, ইয়াৰ উত্তৰটো হৈছে যে প্ৰকল্পবোৰে শিক্ষা বিষয়বস্তুৰ বিষয়ে শিক্ষাৰ্থীসকলৰ জ্ঞান সম্প্ৰসাৰিত কৰে, তাতোকৈ অধিক মূল্যৱান কথা হল এইযে শিক্ষার্থী সকলে ইয়াৰ জৰীয়তে অভিজ্ঞতাৰ সহায়ত শিক্ষা লাভ কৰে ।


প্ৰকল্প প্ৰস্তুতিৰ সময়চোৱাত বিশেষ কিছুমান দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হয়। উদাহৰণ স্বৰূপে কব পাৰি যে কোনো কাৰ্য সমাপন কৰোত নিৰ্দিষ্ট দিশত স্তৰ অনুযায়ী আগবাঢ়িব লাগে । প্ৰকল্প নিৰ্মাণ ব্যৱস্থাই শিক্ষাৰ্থীসকলক সৃষ্টিশীল উপায়েৰে নিজকে প্ৰকাশ কৰিবলৈ সুযোগ দিয়ে। সপ্তম শ্ৰেণীৰ বিজ্ঞান প্ৰকল্পটো কেৱল বৈজ্ঞানিক পদ্ধতি শিকোৱাৰ বাবেই নহয়, লগতে অধ্যৱসায়, সময় ব্যৱস্থাপনা আৰু মৌখিক উপস্থাপনৰ দক্ষতা শিকোৱাৰ বাবেও এক মূল্যৱান সঁজুলি ।


বিদ্যালয়ৰ প্ৰকল্পবোৰে প্ৰতিভাশালী শিশুক বিষয়বস্তুক গভীৰভাৱে অধ্যয়ন কৰাৰ সুযোগ দিয়ে আৰু শৈক্ষিক ক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুওৱাৰ সুযোগ প্ৰদান কৰে । যিসকল শিশুৱে ভৱিষ্যতে বিজ্ঞানী নতুবা ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখে তেওঁলোকৰ বাবে প্ৰকল্প প্ৰস্তুতকৰণ অপৰিহাৰ্য্য।


আনহাতে যি বিলাক শিশুৰ শিক্ষণৰ বিশেষ দুৰ্বলতা আছে অথবা লিখিত পৰীক্ষাত বহিবলৈ অসুবিধা আছে তেনে শিক্ষাৰ্থীজনক সৃষ্টিশীল উপায়েৰে আহৰণ কৰা জ্ঞান প্ৰকাশ কৰিবলৈ প্ৰকল্পই ব্যৱস্থাপনা কৰি দিয়ে।


আমি সকলোৱে জনা উচিত যে বিদ্যালয়ৰ প্ৰকল্পবোৰ কেৱল শিক্ষাৰ্থীৰ বাবে কাম নহয়। এয়া শিক্ষকৰ বাবে,অভিভাৱকৰ বাবে, শিক্ষাৰ্থী সকলোক সিহঁতৰ দক্ষতা আৰু সৃজনী শিকোৱা আৰু প্ৰকাশ কৰাৰ এক সুযোগ। এজন শিক্ষক / প্ৰশিক্ষক হিচাপে আপুনি তেওঁলোকক দিহা পৰামৰ্শ দিব পাৰে। আপুনি প্ৰকল্পটো আপোনাৰ হাতেৰে সম্পূৰ্ণ নকৰিব। অভিভাবক হিচাপে আপুনি শিশুৰ প্ৰাথমিক শিক্ষক। আপুনি এক নিয়ন্ত্ৰিত পৰিৱেশত শিশুক নিৰ্দেশনা প্ৰদান কৰিব আৰু শিকাব যাক বিদ্যালয়ৰ পৰিৱেশত প্ৰদান কৰাটো কেতিয়াও সম্ভৱ নহয়।। ই আপোনাক আপোনাৰ সন্তানৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিব লগতে আপুনি আপোনাৰ শিশুৰ ব্যক্তিগত গুণৰাজি আৰু দক্ষতা সমূহ নিখুঁতভাৱে প্ৰকাশ কৰাত সহায়ক হব পাৰিব । ঘৰত প্ৰকল্প-আধাৰিত শিক্ষণ কাৰ্যকলাপে আপোনাৰ শিশুক ভৱিষ্যতৰ দৈনন্দিন জীৱনৰ বাবে প্ৰাসঙ্গিক দক্ষতা আৰু অভ্যাস গঢ়ি তোলাৰ এক আশ্চৰ্যকৰ সুযোগ প্ৰদান কৰে কিয়নো বাস্তৱ, প্ৰাপ্তবয়স্ক জীৱনৰ সমস্যা তথা কাৰ্য সমূহ এটাৰ পিছত এটাকৈ উদ্ভৱ হোৱা প্ৰকল্প বুলি অভিহিত কৰিব পাৰি।


সেয়েহে পৰৱৰ্তী সময়ত আপোনাৰ সন্তানে প্ৰকল্প এটা ঘৰলৈ আনিলে, এই চাৰিটা কথা মনত ৰাখি এক নতুন দৃষ্টিভংগী লওঁক :-


1. আপোনাৰ সন্তানে কেৱল এটা নিৰ্দিষ্ট বিষয়ৰ বিষয়ে তেওঁৰ জ্ঞান সম্প্ৰসাৰিত কৰাই নহয়, লগতে কেনেদৰে গৱেষণা কৰিব লাগে, সময় নিয়ন্ত্ৰণ কৰিব লাগে, অধ্যৱসায় কৰিব লাগে, সৃষ্টিশীল হ'ব লাগে, সমালোচনামূলকভাৱে চিন্তা কৰিব লাগে, নিৰ্দেশনা অনুসৰণ কৰিব লাগে, আৰু অভিজ্ঞতাৰ মাধ্যমেৰে শিক্ষা আহৰণৰ প্ৰণালী আয়ত্ব কৰিব পাৰে ।


2. তেওঁক প্ৰশিক্ষক হিচাপে আপোনাৰ প্ৰয়োজন, কিন্তু আপুনি খেলুৱৈ নহয় অৰ্থাৎ প্ৰকল্পটো আপুনি প্ৰস্তুত কৰি নিদিব।


3. প্ৰকল্পবোৰে আপোনাক আৰু আপোনাৰ সন্তানক একেলগে অৰ্থপূৰ্ণ মত বিনিময় আৰু সময় অতিবাহিত কৰাৰ সুযোগ দিয়ে।


4. আপোনাৰ সন্তানে ভৱিষ্যতে এজন শিক্ষাৰ্থী আৰু প্ৰাপ্তবয়স্ক হিচাপে প্ৰয়োগ কৰিব আৰু গঢ়ি তুলিব পৰা দক্ষতা বিকশিত কৰি তুলিছে।

Comments

Rated 0 out of 5 stars.
No ratings yet

Add a rating

All right reserved by Shiksha Samal

bottom of page