top of page
Search

আদৰ্শ প্ৰাত: সভা:

  • Writer: Najijul Haque
    Najijul Haque
  • Jun 3, 2024
  • 5 min read

Updated: Jun 11, 2024



প্রাত:সভা হৈছে বিদ্যালয় শিক্ষাৰ গুৰুত্ব পূৰ্ণ আৰু অপৰিহাৰ্য্য অংগ। ইংৰাজীত কোৱাৰ দৰে "Morning Shows the day", প্ৰাত:সভাই শিক্ষক আৰু শিক্ষাৰ্থীৰ মনক সজাগ , সতেজ আৰু শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহী কৰি তোলে। আমাৰ মাজত এটা ধাৰণাই বাহ লৈছে যে প্ৰাত:সভা কেৱল শিক্ষাৰ্থীৰ বাবে হে। কিন্তু এই ধাৰণাই সমাজক বৌদ্ধিক দিশত যথেষ্ট ক্ষতি কৰিছে। আমাৰ বিদ্যালয় সমূহ হল শিক্ষাৰ বিদ্যাৰ মন্দিৰ। মন্দিৰৰ পূজা অৰ্চনা কাৰ্য ত যিদৰে মন্দিৰত উপবিস্ত সকলো ব্যক্তিয়ে অংশগ্ৰহণ কৰে, ঠিক তেনেদৰে বিদ্যা মন্দিৰৰ অৰ্থাৎ বিদ্যালয়ৰ প্ৰাৰ্থনা তথা প্ৰাত: সভাত শিক্ষাৰ্থীৰ উপৰিও শিক্ষকৰ লগতে আন আন কৰ্মচাৰী সকলেও অংশ গ্ৰহণ কৰাটো বাঞ্চনীয়।


আমি যেনেদৰে ৰাতিপুৱা শুই উঠি ঈশ্বৰৰ প্ৰাৰ্থনা কৰি দৈনন্দিন কাম কাজত লাগি যাওঁ, ঠিক তেনেদৰে বিদ্যালয়ৰ কাম কাজৰ আৰম্ভণিৰ আগতে প্ৰাৰ্থনা কৰা নৃত্যান্তই প্ৰয়োজনীয়। প্ৰকৃতাৰ্থত বিদ্যালয়ৰ সকলো কাম কাজেই পবিত্ৰ আৰু মহৎ। বিদ্যাদান আৰু বিদ্যা গ্ৰহণ কাৰ্যতকৈ মহান কোনো কাৰ্যই হব নোৱাৰে।


আমি পঢ়াৰ সময়ত আজিৰ প্ৰাত:সভাক প্ৰাৰ্থনা বোলা হৈছিল। কিন্তু সময়ৰ গতিত তাহানিৰ সেই প্ৰাৰ্থনাৰ লগত বহুতো কাৰ্যাৱলী অন্তৰ্ভুক্ত কৰা হৈছে যাৰ বাবে প্ৰাৰ্থনাক বহুল ভাৱে প্ৰাত : সভাৰে নামাকৰণ কৰা হয়। ইয়াৰ অৰ্থ এইটো নহয় যে প্ৰাৰ্থনাৰ গুৰুত্ব আগতকৈ কমি গৈছে বৰং বৃদ্ধিহে পাইছে।


ৰাজ্যিক শিক্ষা- গবেষণা আৰু প্রশিক্ষণ পৰিষদে (SCERT) প্ৰস্তুত কৰা শৈক্ষিক দিনপঞ্জীত এখনি আৰ্হি প্ৰাত: সভা যুগুত কৰা আছে। বৰ্তমান প্ৰায় বিলাক বিদ্যালয়ে এই আৰ্হি প্ৰাত: সভাৰ কাৰ্যসূচী অনুসৰণ কৰি আহিছে। তাৰ মাজত ভালেখিনি বিদ্যালয়ে এই খনৰো সংক্ষিপ্ত কৰণ কৰি চলি আছে। কিন্তু আমি SCERT এ যুগুত কৰা কাৰ্যসূচীৰ উপৰিও নিজাববীয়াকৈ বহুতো শৈক্ষিক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিব পাৰো। এই ক্ষেত্ৰত কোনো দায় দোষ নহয়। এই লিখনীৰ জৰিয়তে তেনেধৰণৰ শৈক্ষিক কাৰ্যসূচী উল্লেখ কৰিবলৈ চেষ্টা কৰা হৈছে। যদিওবা মই এই কাৰ্যসূচী খনক আদৰ্শ প্ৰাত: সভা বুলি অভিহিত কৰিছো কিন্তু এইখনৰ মানদণ্ড তেনে পৰ্য্যায়ৰ নহবও পাৰে। সেয়েহে আটাইৰে পৰা ক্ষমা ভিক্ষা মাগিছো।


১) দল গঠন :- প্ৰাত সভাৰ প্ৰথম কাৰ্য সূচী টোৱে হল দল গঠন। প্ৰাত: সভাৰ বাবে ছাত্ৰ সংসদত এজন সুকীয়া মন্ত্ৰী দায়িত্ব থাকিব লাগে।লগতে প্ৰাত: সভাৰ দৈনিক কাৰ্যসূচী আৰু দায়িত্ব সমুহ লিপিবদ্ধ কৰি ৰাখিবৰ বাবে এখনি দিনলিপি (Diary) থকাটো বাধ্যতা মূলক। আমাৰ বিদ্যালয় সমূহে বহুতো গঠনমূলক কাৰ্য কৰে যদিও সেইবোৰ সঠিক ভাৱে লিপিৱদ্ধ নকৰাৰ ফলত সেইবোৰৰ মান্যতা নোহোৱা হৈ পৰে। উল্লেখনীয় যে প্ৰাত: সভাৰ দায়িত্বত থকা মন্ত্ৰী জনে শ্ৰেণী মন্ত্ৰী/ বৰ্গ মন্ত্ৰী বোৰৰ লগত আলোচনা কৰি আগন্তুক দিনৰ নতুবা সপ্তাহৰ কিম্বা পষেকৰ বাবে ভিন ভিন কাৰ্য সূচীৰ ৰূপায়নৰ দল গঠন কৰি থব লাগে। এই দলত সকলো শিশুকে ( ওজা তথা দূৰ্বল) অন্তৰ্ভুক্ত কৰিব লাগে।


২) ড্ৰিল/ মুক্ত ব্যায়াম :- ড্ৰিল/ মুক্ত ব্যায়াম বা লঘূ ব্যায়াম ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক যথৰতা হ্ৰাস কৰে লগতে ই শৰীৰত সতেজতা আনি দিয়ে। মুক্ত ব্যায়াম কৰোঁতে মন কৰিবলগীয়া দিশটো হল ব্যায়ামৰ আৰম্ভণি শৰীৰৰ নিম্ন অংগৰ পৰা অৰ্থাৎ ভৰিৰ সৰু গাঁঠিৰ পৰা আৰম্ভ কৰি ডিঙি অংশত শেষ কৰিব লাগে। আনহাতে শৰীৰৰ প্ৰতিটো মুখ্য গাঁথি বা জোৰা কে সামৰি লব লাগে। যেনে:- ভৰিৰ সৰু গাঁথি, আঠু, কঁকাল, পিঠি, কান্ধ, বাহু, হাতৰ আঙুলি আৰু ডিঙি।


৩) মৌন ব্ৰত আৰু স্তুতি প্ৰাৰ্থনা :- ছাত্ৰ ছাত্ৰীৰ একাগ্ৰতা সৃষ্টিৰ বাবে মৌন ব্ৰত অপৰিহাৰ্য। তাৰ পাছত প্ৰাৰ্থনা আৰম্ভ কৰা হয়। প্ৰাৰ্থনাত সকলো ধৰ্মৰ স্তুতি বা প্ৰাৰ্থনা গীত পৰিৱেশন কৰিব লাগে। যদিহে কেৱল এটা ধৰ্মৰ ছাত্ৰ ছাত্ৰী থাকে তেনে অৱস্থাত সপ্তাহত এদিন/ দুদিন বা নিৰ্দ্দিষ্ট কৈ ধাৰ্য কৰা এটা দিনত অন্যান্য ধৰ্মৰ স্তুতি/ প্ৰাৰ্থনা গীত গাব লাগে। অন্য নহলেও বিদ্যালয়ত নামভৰ্তি থকা সকলো ধৰ্মৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিনিধিৰে নিজ নিজ ধৰ্মৰ স্তুতি প্ৰাৰ্থনা গীত পৰিৱেশন কৰিব লাগে। এই কাৰ্যৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ মনত সকলো ধৰ্মৰ প্ৰতি সন্মান বৃদ্ধি পাব আৰু জ্ঞান বাঢ়িব।


8) সংকল্প গ্রহণ:- বিদ্যালয়ত প্রাতঃসভাত লবলগীয়া সংকল্প অৰ্হি শৈক্ষিক দিনপঞ্জীত দিয়া আছে। দিনপঞ্জীত উল্লেখ কৰা সংকল্প সমূহৰ উপৰিও অন্যান্য কেইটামান বিষয়ৰ সংকল্প অন্তর্ভক্ত কৰিব পৰা যায়। যেনে- ধপাত জাতীয় সামগ্রী ব্যৱ্হাৰ নকৰা, নিচা জাতীয় বস্তু যেনে- সুৰা / ড্রাগছ ইত্যাদি ব্যৱহাৰ নকৰা, পৰিবেশৰ প্রতি সচেতন হোৱা যেনেকৈ প্লাষ্টিক জাতীয় সামগ্রী ব্যৱহাৰ হ্ৰাস কৰা ৷ প্রাত: সভাত ল'বলগীয়া সংকল্প আর্হি :-


১) এই খন আমাৰ বিদ্যালয় ৷


২) বিদ্যালয় খন আমাৰ আপোন ৷


৩) আমি সদায় বিদ্যালয়লৈ আহিম ৷


৪) আমি সদায় পৰিষ্কাৰ পৰিচন্ন হৈ থাকিম ৷


৫) আমি সদায় বিদ্যালয় গৃহ আৰু চৌহদ পৰিষ্কাৰকৈ ৰাখিম।


৬) আমি কেতিয়াও ধপাঁত জাতীয় সামগ্ৰী বিড়ী , চিগাৰেত , চাধা আদি সেৱন নকৰো।


৭) আমি কেতিয়াও নিচা জাতীয় বস্তু সুৰা, ড্রাগচ ইত্যাদি সেৱন নকৰোঁ ৷


৮) আমি সদায় পৰিবেশক প্রদূষণ মুক্তকৈ ৰাখিবলৈ চেষ্টা কৰিম ৷


৯) আমি শিক্ষা গুৰু আৰু জেষ্ঠ সকলক সকলক শ্রদ্ধা জনাম ৷


১০) আমি বন্ধু সকলৰ লগত মিলা প্রীতিৰে থাকিম আৰু বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম ৷


১১) আমি ছাত্র ছাত্রী সকল দেশৰ ভবিষ্যত নাগৰিক। আমি দেশৰ সম্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হম বুলি সংকল্প ললো ৷


৫ ) বাতৰি কাকত পঠন :- বাতৰি-কাকত পঠন বিদ্যালয়ৰ প্রাতঃ সভাৰ এক গুৰুত্বপূর্ণ কাৰ্য্যসূচী ৷ সকলো বিদ্যালয়ে দৈনিক বাতৰি কাকত ৰখাটো প্রয়োজনীয় ৷ বাতৰি-কাকত কেৱল মাত্র প্রাত: সভাত পঠন কৰাই নহয় , জিৰণি সময়ত নতুবা পুঠিঅধ্যয়ন শ্রেণীত ছাত্র - ছাত্রীয়ে বাতৰি কাকত পঢ়াৰ অভ্যাস কৰিব লাগে।


প্রাত: সভাত পৰিবেশন কৰিবলৈ বাতৰি সমূহ শিক্ষকে বাছনি কৰি দিব লাগে। সকলো বাতৰি কন-কন ছাত্র-ছাত্রীৰ বাবে উপযোগী নহয়। আনহাতে যিহেতু স্থানীয় বাতৰি সমূহ কাকতত উল্লেখ নাথাকে, সেয়েহে বাতৰি কাকত পঠনৰ শেষত স্থানীয় বাতৰি পৰিবেশন কৰাৰ ব্যৱস্থা থাকিব লাগে ৷


৬) চাফ- চিকুনতা পৰিদর্শন :- ছাত্র - ছাত্রী সকলৰ মনত পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ ভাৱ জগাই তোলাৰ উদ্দেশ্যে চাফ- চিকুনতা পৰিদর্শন কৰাটো এক অপৰিহাৰ্য্য কার্য ৷


৭) উদযাপন কৰিবলগীয়া দিন :- শৈক্ষিক দিনপঞ্জী ত উল্লেখ কৰা অনুযায়ী লগতে বিভিন্ন সময়ত চৰকাৰ তথা বিভাগৰ তৰফৰ পৰা প্ৰেৰণ কৰা নিৰ্দেশনা অনুযায়ী প্রাত: সভাত উদযাপন কৰিব লাগে।


৮) মূল্যবোধৰ ভাৱ জগাব পৰা বিষয়ৰ আলোচনা :- ছাত্র ছাত্রী সকলৰ মনত মানবীয় মূল্যবোধ , নৈতিকতা আৰু সমাজ আৰু দেশৰ প্রতি দায়বদ্ধতা বৃদ্ধিৰ হেতু মহৎ লোকৰ বানী, ধৰ্মীয় প্ৰবচন, ডাকৰ বচন, শ্লোক ইত্যাদি ছাত্র - ছাত্রী য়ে প্রাতঃসভাত সমূহীয়াকৈ আওঁৰাব লাগে।


বিদ্যালয় প্রাত: সভাক অধিক ৰুচিপূর্ণ আৰু তথ্যপূর্ণ তথা ছাত্র- ছাত্রীৰ অংশ গ্রহণ যোগ্য কৰি তুলিব পৰা যায়। ইয়াৰ বাবে দৈনিক একোটা বিষয় থিৰ কৰি সেই বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰাৰ ব্যৱস্থা কৰিব পাৰি। অর্থাৎ সপ্তাহটোৰ ৬ দিনত ৬টা বিষয় স্থিৰ কৰি লব পাৰি যেনে- //সোমবাৰ - বিজ্ঞান//, //মংগল বাৰ- অসমীয়া / সাহিত্য//, //বুধবাৰ - গণিত// , //বৃহম্পতি বাৰ - সমাজ বিজ্ঞান / পৰিবেশ অধ্যয়ন //, //শুক্র বাৰ - ইংৰাজী সাহিত্য// , //শনিবাৰ - সাধাৰণ জ্ঞান / খেল/ অন্যান্য// ৷ প্রতিটো দিন বা বিষয়ৰ বাবে একোটা শ্ৰেণী ধার্য্য কৰি দিব পাৰি নতুবা দল গঠন কৰি দিব পাৰি ৷ তেনেদৰে নির্দ্দিষ্ট কৰি দিয়া ছাত্র ছাত্রীয়ে সেই দিনটোত নির্দ্দিষ্ট বিষয়টোৰ ওপৰত বিভিন্ন তথ্য সংগ্রহ কৰি প্রাত: সভাত বক্তৃতা দিব। তথ্য সংগ্ৰহৰ বাবে যিহেতু এসপ্তাহ সময় পাব গতিকে ইয়াৰ বাবে শ্রেণীটোৰ আটাই বিলাক বা নিদ্দিষ্ট কৰি দিয়া ছাত্র - ছাত্রী য়ে তথ্য সংগ্রহ কৰিব আৰু সংগৃহীত তথ্য সমূহ শিক্ষকে ছাত্র - ছাত্রীৰ সৈতে বাছনি কৰি নির্দ্দিষ্ট দিনত পৰিবেশন কৰিব। তথ্য সংগ্ৰহৰ ক্ষেত্রত বিষয়টিৰ আওঁতাৰ ভিতৰত যি কোনো তথ্যই সাংৰী লব পাৰিব। যেনে - অসমীয়া নতুবা ইংৰাজী ভাষা সাহিত্যৰ দিনা সাথৰ, ফকৰা - যোজনা, মহৎ লোকৰ বানী, কোনো কবি, সাহিত্যিকৰ জীৱনী, ব্যাকৰণ, কবিতা নতুবা ভাষা সাহিত্যৰ ইতিহাস ইত্যাদি ৷ আনহাতে গণিতৰ দিনা নেওঁতা , গণিতৰ সূত্ৰ মহান গণিতজ্ঞ সকলৰ কাহিনী, বিজ্ঞানৰ দিনাখন মহান বিজ্ঞানীৰ আৱিষ্কাৰ , বিজ্ঞানী সকলৰ উক্তি, উদ্ভাৱন কাহিনী ইত্যাদি। প্ৰকৃতাৰ্থত প্ৰাত: সভাৰ গোটেই কাৰ্যসূচী ছাত্ৰ সংসদৰ দ্বাৰা পৰিচালিত হব লাগে আৰু প্ৰতিটো বিষয় আৰু কাৰ্যসূচীৰ বাবে এক বা ততোধিক শিক্ষকে দায়িত্ব ভাৰ লব লাগে। তাৰোপৰি বিলাক বিদ্যালয়ত ছাত্র - ছাত্ৰীৰ সংখ্যা অধিক তেনে বিদ্যালয়ত "Sound System" বা মাইকৰ সু-ব্যৱস্থা থাকিলে ভাল। মাইকৰ ব্যৱহাৰ কৰিলে ছাত্র ছাত্রী সকলৰ শুনাত অসূবিধা নহয় লগতে ছাত্র ছাত্ৰীৰ মনত আত্মবিশ্বাস সূদৃঢ় হয়।


৯) প্ৰাত: সভা ভঙ্গ :- সদৌ শেষত সকলো ছাত্ৰ ছাত্ৰী , শিক্ষক শিক্ষয়িত্ৰীয়ে একেলগে ৰাষ্ট্ৰীয় সংগীত গাব আৰু শৃংখলা বৌদ্ধ ভাবে শাৰী পাতি নিজ নিজ কক্ষ লৈ গমন কৰিব।

Comentarios

Obtuvo 0 de 5 estrellas.
Aún no hay calificaciones

Agrega una calificación

All right reserved by Shiksha Samal

bottom of page